Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

Sunday, February 16, 2025

৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ

৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল শুভ যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ


ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশ দিনা মহাশিৱৰাত্ৰি পালন কৰা হয়। এইবাৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত পৰিছে। পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে ভগৱান মহাদেৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনটো শিৱৰ পূজাৰ বাবে বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন।

জ্যোতিষৰ হিচাপ অনুসৰি এইবাৰৰ মহাশিৱৰাত্ৰীৰ এক অতি শুভ সংযোগ আছে। মহাশিৱৰাত্ৰীৰ দিনা ধনীষ্ঠ নক্ষত্ৰ, পৰিঘা যোগ, শকুনি কৰণ, আৰু সেই সময়ত মকৰ ৰাশিত চন্দ্ৰই ট্ৰেন্সজিট কৰিব। ৬০ বছৰৰ পাছত মহাশিৱৰাত্ৰিত এনে এক শুভ সংযোগৰ গঠন হৈছে।

জ্যোতিষীসকলে কয় যে মহাশিৱৰাত্ৰিত এনে শুভ যোগৰ প্ৰভাৱৰ বাবে তিনি ৰাশিৰ লোকৰ ওপৰত ভগৱান শিৱৰ আশীৰ্বাদৰ বৰষুণ হ’ব।

মেষ ৰাশি
বৈদিক জ্যোতিষৰ মতে মহাশিৱৰাত্ৰি মেষ ৰাশিৰ লোকৰ বাবে অতি শুভ হ’ব। ক’ব পাৰি যে মহাশিৱৰাত্ৰীৰ পৰা মেষ ৰাশিৰ লোকৰ জীৱনত আৰম্ভ হ’ব সোণালী যুগ। এইবাৰ আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব। আপোনাৰ ওচৰলৈ টকা আহিব। তদুপৰি এই সময়ত মেষ ৰাশিৰ লোকে নিজৰ পছন্দৰ চাকৰি এটা লাভ কৰিব পাৰে। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ’ব আৰু সমাজত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব।

মিথুন ৰাশি
মহাশিৱৰাত্ৰিৰ পৰাই মুকলি হ’ব মিথুন ৰাশিৰ লোকৰ সৌভাগ্য। এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট শক্তিশালী হ’ব। মিথুন ৰাশিৰ লোকে আৰ্থিকভাৱেও মহান ভাগ্যৰ অভিজ্ঞতা লাভ কৰিব। প্ৰেমৰ মধুৰতা বাঢ়িব। বিবাহিত জীৱনতো সুখ থাকিব। কাৰ্যালয়ত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। ব্যৱসায়ত লাভ বাঢ়িব।

সিংহ ৰাশি
মহাশিৱৰাত্ৰীৰ পৰা সিংহ ৰাশিৰ লোকৰ জীৱনত সুখ আৰু সৌভাগ্যৰ সৃষ্টি হ’ব। এই সময়ছোৱাত যিকোনো বিত্তীয় প্ৰকল্পত বিনিয়োগ কৰি ডাঙৰ লাভ কৰিব পাৰিব। স্বাস্থ্য ভাল হ’ব। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি পাব পাৰি। ক’ৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাব পাৰি। সিংহ ৰাশিৰ লোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। ভূমি সম্পৰ্কীয় কামতো আপুনি যথেষ্ট সফলতা লাভ কৰিব পাৰে।


0 Comments:

Post a Comment

Popular Posts

Blog Archive

Breaking

Recent In Internet

Recent Post

Facebook

Comments

Recent

Adbox

Technology

Follow Us

LightBlog