ঔটেঙাৰ ঔষধি গুণ - Health Benefits Of Elephant Apple

 


আমি সকলোৱে ঔটেঙা বিভিন্ন ব্যঞ্জন বনাই খাওঁ। বহুতে ঔটেঙা মাছৰ সৈতে বা বিভিন্ন পদ্ধতিৰে আঞ্জা বনাই খায়। লগতে বেছিসংখ্যক মানুহে ঔটেঙাৰ আচাৰো বনায়। কিন্তু ঔটেঙাৰ ঔষধি গুণৰ কথা আপুনি জানেনে?


ঔটেঙাৰ বিষয়ে বহু নজনা কথা –
ইয়াত ভিটামিন B, ভিটামিন C, বিতা কেৰোটিন, ৰাইবফ্লেভিন, কাৰ্বহাইড্ৰেট, প্ৰটিন, কেলচিয়াম, ফচফৰাছ, ফাইবাৰ ইত্যাদি পোৱা যায়।


১. ডায়েবেটিচ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। সেয়েহে ডায়েবেটিচ ৰোগীয়ে মাজে মাজে ঔটেঙাৰ ব্যঞ্জন খোৱা উচিত। ঔটেঙা ৰদত শুকুৱাই গুৰি কৰি পাউদাৰ হিচাবে সংৰক্ষণ কৰিও থব পাৰি। ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে এই পাউদাৰ খাব পাৰে । অফ চিজনত খাব পাৰি আৰু ৰোগীয়েও সুফল পাব।

২. কোষ্ঠকাঠিন্যত ঔটেঙা খালে সুফল পোৱা যায়।

৩. মেদবহুলতাত ভোগা সকলে ঔটেঙা খালে সুফল পাব। টেঙাই এনেও চৰ্বি কাটে। গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত।

৪. কলেষ্টৰল বৃদ্ধি হলে ঔটেঙা খালে সুফল যায়।

৫. চুলিৰ গুৰিত উফিৰ সমস্যা হলে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে।

Post a Comment

0 Comments